মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

ইতিহাস

  • অসম চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগ হৈছে অসম সচিবালয়ৰ এক প্ৰশাসনীয় বিভাগ। খনি আৰু খনিজ সম্পদ হৈছে অসমত ৰাজহ সংগ্ৰহৰ ২য় সৰ্ববৃহত্ বিভাগ। খনি আৰু খনিজ সম্পদ বিভাগ হৈছে অনুসন্ধান, প্ৰশাসন, উপদেষ্টা মূলক আৰু প্ৰচাৰৰ বাবে অসম চৰকাৰৰ এক বাহু স্বৰূপ বিশেষকৈ খনি ক্ষেত্ৰত। এই বিভাগটোৱেনিয়ন্ত্ৰণ আৰু প্ৰচাৰৰ দায়িত্বও পালন কৰে যি খনিজ সম্পদ অনুসন্ধান, অন্বেষণৰ ৰচিদ আৰু খনিজ সম্পদ ৰেহাই আবেদন আদি চোৱা-চিতা কৰা, খনন পৰিকল্পনাত অনুমোদন জনোৱা, লীজ অনুমোদন জনোৱা আৰু পৰ্য্যবেক্ষণ কৰা, উত্পাদন আৰু ইয়াৰ স্থানান্তৰকৰণ পৰ্য্যবেক্ষণ কৰা, খনিজ সম্পদৰ ৰাজহ সংগ্ৰহ কৰা, ৰাজ্যত খনিজ সম্পদ ভিত্তিক উদ্যোগৰ উন্নয়ন সাধন কৰা।

    ৰাজ্যত ভুতাত্বিক অনুসন্ধান আৰু অন্বেষণচলাবৰ বাবে ই সকলো ভুতাত্বিক প্ৰতিষ্ঠান যেনে অইল ইণ্ডিয়া লিমিটেড আৰু তেল আৰু প্ৰাকৃতিক গেছআদি সকলবোৰৰ সৈতে সমন্বয় ৰক্ষা কৰে।লগতে ই ৰাজ্যত খনিজ সম্পদৰ সম্ভাবনীয়তা চিনাক্তকৰণ আৰু খনিজ ভিত্তিক উদ্যোগ বিকাশৰ বাবেওসহায় আগবঢ়াই।

    খনি আৰু খনিজ সম্পদ বিভাগে ইতিমধ্যে ৭ নিবিদাকাৰীক সীমান্তৱৰ্তী তৈলক্ষেত্ৰ সমূহ পৰিচলনা কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। এই তৈলক্ষেত্ৰ সমূহবোৰ অ.এন.জি.চি. আৰু অ.আই.এল. য়েনিলাম কৰিছিল আৰু নিলাম কতৃপক্ষই সৰ্বাধিক যোগ্য নিবিদাকাৰীক উত্পাদন কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছিল আৰু লগতে অ.এন.জি.চি.ৰ ২৩ আৰু ও.আই.এল.ৰ ৫পি.এম.ল.কে ধৰি বিভাগে মূঠ ২৮পি.এম.এল. প্ৰদান কৰিছিল।

    নিম্ন পৰ্য্যায়ৰ খনিজ সম্পদ যেনে গৃহ নিৰ্মাণত ব্যৱহৃত বালি, শিল অদি বোৰৰ উতপাদন ক্ষেত্ৰতউন্নিতকৰণ, ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা, অবৈধ খনি সমূহক প্ৰতিৰোধ কৰা আৰু খনন কাৰ্য্যত মানৱ ব্যৱহাৰ হ্ৰাস কৰা আদি সকলোবোৰৰ বাবে খনি আৰু খনিজ সম্পদ বিভাগে অসম খনিজ সম্পদ ৰেহাই নিয়ম, ২০১৩ৰ সংশোধন কৰাৰ পদক্ষেপো গ্ৰহণ কৰিছে।