২০১৬ চনৰ ২৬আগষ্ট তাৰিখৰ পি.ই.এম.০৪/২০১৫/১০০ আৰু ১০১ সংখ্যক অধিসূচনা অনুসৰিখনি আৰু খনিজ পদাৰ্থ (উন্নয়ন আৰু নিয়ন্ত্ৰণ)সংশোধিত আইন, ২০১৫ৰ ৯বি. ধাৰাঅনুসৰিষষ্ঠ অনুসুচীৰ অধীনষ্ঠ অঞ্চল অন্তৰ্ভুক্ত জিলাসমূহৰ বাহিৰে অসমৰ সকলো জিলাতে অসম চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগে মঞ্জুৰীকৃত ডি.এম.এফ. চুক্তি ন্যাস হিচাপে জিলা খনিজ সম্পদ আধাৰ ন্যাসৰ প্ৰতিষ্ঠা কৰিছে।২০১৫বৰ্ষৰ ১৭চেপ্তেম্বৰ তাৰিখৰ খনি অধিনিয়ম মন্ত্ৰালয় জি.এছ.আৰ. ৭১৫(ই) নতুন দিল্লী, ভাৰতীয় অধিসূচনা অনুসৰিলীজৰ অধিকাৰীয়ে ৰয়েল্টি প্ৰদান কৰিব লাগিব।
উদ্দেশ্য
ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নিয়মানুসৰী জিলাসমূহত খনন কাৰ্য্য সম্পৰ্কীয় কাৰ্য্য-কলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোক বা অঞ্চলৰ লাভাৰ্থে পদক্ষেপ গ্ৰহণ কৰাটোৱেই হৈছে জিলা খনিজ সম্পদ আধাৰ ন্যাসৰ মূল উদ্দেশ্য।
পৰিচালনা
এটা বা তাতোকৈ অধিক ৰাষ্ট্ৰীয়কৃত বাণিজ্যক বেংকতন্যাসৰ নামত ন্যসৰ পুঁজিৰখা হব আৰু এই বেংক একাউণ্ট সমূহ পৰিচালনা কৰিবন্যাসৰ প্ৰবন্ধন কমিটিৰ দ্বাৰা দায়িত্ব প্ৰদান কৰা সদস্য-সচিব আৰু আন সদস্যৰ যুটিয়া স্বাক্ষ্যৰৰ দ্বাৰা। ট্ৰাষ্টেপুঁজিৰ বুক অৱ একাউণ্ট চম্ভালা কাৰ্য্য অব্যাহত ৰাখিব।
খৰচ
ন্যাসৰ সৈতে থকা পুঁজি খৰচ কৰা ক্ষেত্ৰ সমূহঃ
এই ক্ষেত্ৰত ন্যাসে লাভ কৰা পুঁজিৰ ৬শতাংশ বছৰি ন্যাসপ্ৰতিষ্ঠা বা প্ৰশাসনমূলক কাম-কাজৰ বাবে খৰচ কৰিব পাৰিব।
আনহাতে ন্যাসৰ পুঁজি কোনো হিতাধিকাৰীকে লোন বা সাহাৰ্য্যৰ ৰূপত নগদ ধনহিচাপে প্ৰদান কৰিব নোৱাৰিব।