মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(পি.এম.কে.কে.কে.ওৱাই.)

  • প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(পি.এম.কে.কে.কে.ওৱাই.)

    ডি.এম.এফ.ৰ দ্বাৰা তৈয়াৰ কৰা পুঁজিৰে সংশ্লিষ্ট জিলা সমূহৰ জিলা খনিজ পদাৰ্থ আধাৰৰ দ্বাৰা প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(পি.এম.কে.কে.কে.ওৱাই.) ৰূপায়ন কৰা হব।

    • পি.এম.কে.কে.কে.ওৱাই. আঁচনিৰ মূল উদ্দেশ্য সমূহ হল-
    • খননৰ দ্বাৰা ক্ষতিগ্ৰস্ত এলেকা সমূহত বিভিন্ন উন্নয়ন আৰু কল্যাণমূলক প্ৰকল্প/কাৰ্য্যক্ৰমণিকাৰূপায়ন কৰা, আৰু এই প্ৰকল্প/কাৰ্য্যক্ৰমণিকা সমূহে অব্যাহত থকা ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিপূৰক হিচাপে পৰিগণিত হব।
    • খনন চলোৱা জিলা সমূহত খননৰ কালছোৱাত আৰু খননৰ পাছত স্বাস্থ্য, পৰিবেশ আৰু আৰ্থ-সমাজিক দিশত দেখা দিয়া ক্ষতিকাৰক প্ৰভাৱ সমূহ হ্ৰাস কৰা বা নাইকিয়া কৰা।
    • খনন এলেকাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে দীৰ্ঘম্যাদীবহনক্ষম জীৱিকাৰ ব্যৱস্থা সুনিশ্চিত কৰা।

     

    পি.এম.কে.কে.কে.ওৱাই. আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবৰ বাবে ক্ষতিগ্ৰস্ত লোক আৰু অঞ্চল চিনাক্ত কৰা

    • ক্ষতিগ্ৰস্ত অঞ্চল

    (ক) পোনপটীয়াকৈ ক্ষতি হোৱা অঞ্চল সমূহ- যত পোনপটীয়া খনন কাৰ্য্য সম্পৰ্কীয় কাৰ্য্যকলাপ যেনে খান্দা, খনন,বিষ্ফোৰণ, লাভকাৰী আৰু বৰ্জ্য নিষ্কাষন(অধিকমাত্ৰাত জাৱৰ জমা কৰা ঠাই, পুখুৰী আৰু পৰিবহন কৰিদৰ)আদিবোৰ স্থিত।

    • যিবোৰ গাঁও আৰু গাঁও পঞ্চায়ত খনি সমূহ অৱস্থিত আৰু কাৰ্য্যৰত। এনে খনন কাৰ্য্য কাষৰীয়া গাঁও, খণ্ড বা জিলা অথৱা ৰাজ্যলৈ বিয়পাই পেলাব পাৰি।
    • ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰিত কৰি দিয়া খনি বা খনিৰ থুপৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰা এনে এক এলেকা যি সংশ্লিষ্ট জিলা বা কাষৰীয়া জিলাৰ অন্তৰ্গত নহবও পাৰে।
    • এনে গাঁও যত খননৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ইয়াৰ প্ৰকল্প কতৃপক্ষৰ দ্বাৰা পূনৰসংস্থাপিত কৰা হৈছে।
    • এনে গাঁও যি আৰ্থিক প্ৰয়োজনৰ বাবে প্ৰধানকৈ খনন এলেকাৰ ওপৰত নিৰ্ভৰশীল,যি পশু চৰোৱা, প্ৰয়োজনীয় কিছু বনজ সম্পদ সংগ্ৰহ কৰা ইত্যাদিৰ বাবেসমস্ত হেৰুৱা আৰু প্ৰকল্প এলেকা সমূহৰ পৰম্পৰাগত অধিকাৰীসকল।

    (খ) আওপকীয়াকৈ প্ৰভাৱিত অঞ্চল সমূহ- সেইবোৰ অঞ্চল যত খনন সম্পৰ্কীয় কাৰ্য্যকলাপৰ বাবে আৰ্থিক, সামাজিক আৰু পৰিবেশজনিত দিশত স্থানীয় ৰাইজ ক্ষতিগ্ৰস্ত হয়। খনন প্ৰক্ৰিয়াই বিভিন্ন প্ৰকাৰে অঞ্চল সমূহ প্ৰভাবান্বিত কৰে যেনে- খোৱা পানী, ভুমি আৰু বতাহৰ মাণদণ্ড হ্ৰাস পোৱা, পানীৰ সোঁতৰ সালসলনি ঘটা আৰু ভূ-পৃষ্ঠৰ জল-স্তৰ নিম্নগামী হোৱা, প্ৰদুষণ বৃদ্ধি হোৱা, খনিজ পদাৰ্থৰ পৰিবহন, পূৰ্বৰে পৰা থকা আন্তঃগাঠনি আৰু সম্পদৰ উপৰিও ইয়াৰ অতিৰক্ত বোজা বৃদ্ধি পোৱা ইত্যাদি।

    (গ) খনন কাৰ্য্যৰ দ্বাৰা পোনপটিয়াকৈ আৰু আওপকিয়াকৈ প্ৰভাম্বিত হোৱা এনে অঞ্চল সমূহৰ এক তালিকা ডি.এম.এফ.এ প্ৰস্তুত কৰিব আৰু চম্ভালি যাব।

    প্ৰভাম্বিতলোক

    (ক) নিম্নোল্লেখিত লোক সকলক পোনপটিয়াকৈ ক্ষতিগ্ৰস্ত বুলি গণ্য কৰা হয়ঃ

    • সঠিক ক্ষতিপূৰণৰ অধিকাৰ আৰু ভুমি অধিগ্ৰহণ ক্ষেত্ৰত স্বচ্ছতা, পুনৰসংস্থাপন আইন, ২০১৩ৰ ধাৰা ৩(চি)ৰ অধীনত উল্লেখ থকা ক্ষতিগ্ৰস্ত পৰিয়াল।
    • সঠিক ক্ষতিপূৰণৰ অধিকাৰ আৰু ভুমি অধিগ্ৰহণ ক্ষেত্ৰত স্বচ্ছতা, পুনৰসংস্থাপন আইন, ২০১৩ৰ ধাৰা ৩(চি)ৰ অধীনত উল্লেখ থকা অপসাৰিত পৰিয়াল।
    • গাঁও পঞ্চায়তৰ দ্বাৰা সঠিকভাৱে ক্ষতিগ্ৰস্ত পৰিয়াল হাচাপে চিনাক্ত কৰি দিয়া সকল।

    (খ) ক্ষতিগ্ৰস্ত লোকলকৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলগীয়া সকল হল যি সকলে প্ৰকল্প ভূমিবোৰৰ ন্যায়িক আৰু বৃত্তিগত অধিকাৰী আৰু সেইসকলো যি খননৰ বাবে সকলো হেৰুৱাই আৰু যি পৰম্পৰাগত অধিকাৰী।

    (গ) গাঁও সভা সমূহৰ নিৰ্বাচিত জনপ্ৰতিনিধী সকলৰ সৈতেও আলাপ-আলোচনা কৰি পৰ্য্যাপ্ত সংখ্যক ক্ষতিগ্ৰস্ত পৰিয়াল চিনাক্ত কৰাটো উচিত।

    (ঘ)খনন কাৰ্য্যৰ দ্বাৰা প্ৰভাম্বিত হোৱা এনে ব্যক্তি/স্থানীয় সমূদায়ৰ এক উন্নিত তালিকা ডি.এম.এফ.এ প্ৰস্তুত কৰিব আৰু চম্ভালি যাব।

     

    • পুঁজিৰ ব্যৱহাৰ

    পি.এম.কে.কে.কে.ওৱাইৰ পৰিষৰ

    পি.এম.কে.কে.কে.ওৱাইয়ে নিম্নোল্লেখিত কাৰ্য্যক্ৰম সমূহ সামৰি লব পাৰেঃ

    উচ্চ গুৰুত্বসম্পন্ন অঞ্চল সমূহ- এই শিতানত পি.এম.কে.কে.কে.ওৱাইৰ ৬০শতাংশ পুঁজিব্যৱহাৰ কৰাটো উচিতঃ

    • ক) খোৱা পানীৰ যোগান- কেন্দ্ৰীয়কৃত বিশুদ্ধিকৰণ ব্যৱস্থা, জল উপশম কাৰখানা, সুকীয়া খোৱাপানীৰ ব্যৱস্থাকে ধৰি স্থায়ী/অস্থায়ী জল বিতৰণ নেটৱাৰ্ক, নলীযুক্ত পানী যোগানৰ ব্যৱস্থাকৰা।
    • প্ৰকৃতি সংৰক্ষণ আৰু প্ৰদুষণ নিয়ন্ত্ৰণমূলক উপায়- প্ৰকৃতিৰ সৈতে খাপ খাব পৰাকৈ খনিৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰবাহমান জল উপশম কাৰখানাৰ ব্যৱস্থা কৰা, অঞ্চলটোৰ পানীৰ সোত, হ্ৰদ, পুখুৰী, ভূ-গৰ্ভৰ পানী আৰু আন আন জলীয় উত্সৰ প্ৰদুষণ প্ৰতিৰোধ কৰা, খনন কাৰ্য্য আৰু এইবোৰ জমা কৰি ৰখাৰ ফলত সৃষ্ট ধুলি-কণাই সৃষ্টি কৰা বায়ু প্ৰদুষণ নিয়ন্ত্ৰণ কৰাৰ উপায় গ্ৰহণ কৰা, খনিৰ নৰ্দমা ব্যৱস্থা, খনি প্ৰদুষণ প্ৰতিৰোধ প্ৰযুক্তি আৰু পৰিতক্ত্য বাকাৰ্য্যক্ষম খনিৰ প্ৰদুষণ প্ৰতিৰোধ কৰা, আৰু লগতে অন্য বায়ু, পানী আৰু ভূমি প্ৰদুষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা।
    • স্বাস্থ্যৰ যতন লোৱা- প্ৰভাৱিত এলেকা সমূহত প্ৰাথমিক আৰু আনুসংগিক স্বাস্থ্য যতনৰ ব্যৱস্থা কৰাত অধিক গুৰুত্ব দিব লাগিব। কেৱল স্বাস্থ্য সুৰক্ষাৰ বাবে আন্তঃগাঠনি তৈয়াৰ কৰাই নহয়, এই আন্তঃগাঠনিৰ সঠিক উপযোগিতাৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মী, আচ-বাব আৰু যোগান ব্যৱস্থাৰ উপৰতো গুৰুত্ব দিয়া উচিত।

    এই পৰিষৰত স্থানীয় প্ৰশাসন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সৈতে একত্ৰিত হৈইয়াৰ পৰিপূৰক ব্যৱস্থা গঢ় দিয়াৰ বাবেচেষ্টা কৰিব লাগিব। খনি অধিকাৰী সকলৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত উপলব্ধ অভিজ্ঞ সকলৰ জৰিয়তেখনিৰ পৰা সৃষ্টি হোৱা ৰোগ আদিৰ সৈতে মোকাবিলা কৰিব পৰাকৈবিশেষ আন্তঃগাঠনিও তৈয়াৰ কৰিব পাৰি। খনিৰ দ্বাৰা প্ৰভাৱিত লোক সকলৰ বাবে দলীয় বীমা আঁচনিৰ ব্যৱস্থাও কৰিব পাৰে।

    • শিক্ষা- বিদ্যালয় নিৰ্মান কৰা, অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মান, পৰীক্ষাগাৰ, পুথিভঁৰাল আদি নিৰ্মাণ, কলা আৰু কাৰুকাৰ্য্য কেন্দ্ৰ নিৰ্মাণ, শৌচাগাৰ খণ্ড নিৰ্মাণ, খোৱা পানীৰ ব্যৱস্থা কৰা, ভিতৰুৱা অঞ্চল সমূহত ছাত্ৰ-ছাত্ৰী/শিক্ষক আৱাস নিৰ্মাণ কৰা, ক্ৰীড়া আন্তঃগাঠনি সৃষ্টি কৰা, শিক্ষক/অন্য সহায়ক বিষয়া কৰ্মচাৰীৰ ব্যৱস্থা কৰি দিয়া, বৈদ্যুতিন শিক্ষাৰ ব্যৱস্থা কৰা, যাতায়তৰ বাবে পৰিবহনৰ(বাছ/ভেন/চাইকেল/ৰিক্সা ইত্যাদি) ব্যৱ্স্থা কৰি দিয়া আৰু পুষ্টি বৰ্দ্ধনৰ বাবে কাৰ্য্যক্ৰম হাতত লোৱা।
    • মহিলা আৰু শিশু কল্যাণ ব্যৱস্থা- গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য, পুষ্টিহীনতা, সংক্ৰমণাত্মক ৰোগ আদিবোৰৰ সামাধানৰ বাবে পি.এম.কে.কে.কে.ওৱাইৰ অধীনত বিশেষ কাৰ্য্যক্ৰমণিকা হাতত লব পাৰে।
    • বয়স্ক আৰু বিকলাংগ লোকৰ বাবেকল্যাণ ব্যৱস্থা- বয়স্ক আৰু বিকলাংগ লোকৰ বাবে কল্যাণ ব্যৱস্থাৰ বাবে বিশেষ কাৰ্য্যক্ৰম গ্ৰহণ কৰা।
    • কৌশল বিকাশ- স্থানীয় সক্ষম লোকৰ বাবে জীৱিকা সাহাৰ্য্য, আয়ৰ পৰিমাণবৃ্দ্ধি আৰু অৰ্থনৈতিক কাৰ্য্যকলাপৰ বাবে কৌশল বিকাশৰ ব্যৱস্থা কৰা। এনে প্ৰকল্প/আঁচনিয়েপ্ৰশিক্ষণ, কৌশল বিকাশ কেন্দ্ৰৰ উন্নয়ন, আত্ম নিয়োগৰ আঁচনি, আত্ম সহায়ক গোটৰ বাবে সাহাৰ্য্য আৰু এনে আত্ম-নিয়োগমূলক অৰ্থনৈতিক কাৰ্য্যকলাপৰ বাবে অগ্ৰগামী আৰু পশ্চাদাভিমুখি যোগসুত্ৰ স্থাপনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব পাৰে।
    • স্বচ্ছতা- বৰ্জ্য সংগ্ৰহ, পৰিবহন আৰু ইয়াৰ নিষ্পত্তি কৰা, ৰাজহুৱা স্থান পৰিস্কাৰ কৰি ৰখা, সঠিক নৰ্দমা ব্যৱ্স্থা আৰু মল উপশমৰ সুবিধা কৰা, গাতৰ লেপলেপীয়া মাটি আদি পৰিস্কাৰ কৰাৰ ব্যৱস্থা কৰা, শৌচাগাৰৰ সুবিধা কৰা আৰু এনে অন্যান্য আনুসাংগিক কাৰ্য্যত গুৰুত্ব প্ৰদান কৰা।

    অন্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰ সমূহ- পি.এম.কে.কে.কে.ওৱাই.ৰ ৪০শতাংশ এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব

    • ক)ভৌতিক আন্তঃগাঠনি- প্ৰয়োজনীয় ভৌতিক আন্তঃগাঠনিৰ ব্যৱস্থা কৰা- পথ, দলং, ৰেল আৰু জলপথ প্ৰকল্প।
    • জলসিঞ্চন- জলসিঞ্চন ব্যৱস্থাৰ বিকল্প উত্সৰ বিকাশ ঘটোৱা, জলসিঞ্চন ব্যৱস্থাৰ সঠিক আৰু উন্নত পদ্ধতি গ্ৰহণ কৰা।
    • শক্তি আৰু অৱবাহীকাৰ বিকাশ- শক্তি উত্পাদনৰ বিকল্প উত্সৰ(ক্ষুদ্ৰ জল-বিদ্যুত্ প্ৰকল্পকো সামৰি) বিকাশ আৰু বৰষুনৰ পানী সংৰক্ষণ ব্যৱস্থা কৰা। বাগান উন্নয়ন, একত্ৰিত কৃষি আৰু অৰ্থনৈতিক বনানিকৰণ আৰু লগতে প্লাৱনভুমিৰ উন্নয়ন সাধন কৰা।
    • খনি থকা জিলা সমূহত পাৰিপাৰ্শ্চিক ভাৰসাম্যতা বজাই ৰাখিবৰ বাবে আন আন ব্যৱস্থ গ্ৰহণ কৰা।
    Downloads
    প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(পি.এম.কে.কে.কে.ওৱাই.)
    TitleSizeDetail
    প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(পি.এম.কে.কে.কে.ওৱাই.)668.12 KBswf-image