মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

পেট্ৰলিয়াম খনন লীজ

  • তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন, ১৯৪৮ আৰুপি. এণ্ড এন.জি. নিয়ম, ১৯৫৯অনুসৰিহাইড্ৰকাৰ্বন উত্পাদনৰ বাবে সাধাৰণতে ২০বছৰৰ বাবে পেট্ৰলিয়ামখনন লীজ (পি.এম.এল.) প্ৰদান কৰা হয়।

    সমূদ্ৰতীতত অন্বেষণ আৰু উত্পাদন পৰিচালনাৰ বাবে পেট্ৰলিয়াম খনন লীজৰ মঞ্জুৰী কেৱল কেন্দ্ৰীয় চৰকাৰেহে প্ৰদান কৰে।ভূমি খণ্ডৰ ক্ষেত্ৰত, আবণ্টিতভূমিখণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চুপাৰিছ অনুসৰিসংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে পি.ই.এল./পি.এম.এল. মঞ্জুৰী প্ৰদান কৰে।

     

    পেট্ৰলিয়াম খনন লীজৰ মঞ্জুৰী

    এক সফল অন্বেষণ কাৰ্য্যৰ পাছত, অন্বেষণকাৰীয়ে খনন কাৰ্য্যৰ লীজৰ বাবে অসম চৰকাৰক এক আবেদন কৰিব লাগিব। অসমৰ ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ ঠিকনাত নিৰ্দ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ জৰিয়তে সকলো প্ৰয়োজনীয় চালান নথি সংলগ্ন কৰি চুণশিল খনন কাৰ্য্যৰ লীজৰ মঞ্জুৰীৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ এক প্ৰতিলিপি অসম চৰাকৰৰ খনি আৰু খনিজ পদাৰ্থ বিভাগৰ সচিবলৈও প্ৰেৰণ কৰিব লাগিব।

    পি.এম.এল. আবেদনত নিম্নোল্লেখিত তথ্য/নথি সমূহ অন্তৰ্ভুক্ত হব লাগিবঃ

    • কোণ বিন্দুৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰ সৈতে এম.এল.লৈ ৰূপান্তৰিত কৰা পি.ই.এল.ৰ অধীনষ্ঠ এলেকা প্ৰদৰ্শন কৰি ১:৫০,০০০ মাপৰ মানচিত্ৰ। আবেদন কৰা এলেকা অনুসৰি এই মানচিত্ৰই জিলা, তালুক আৰু গাৱঁৰ সীমা প্ৰদৰ্শন কৰাটো বাঞ্চনীয়।
    • আবেদন কৰা এলেকাৰ জৰীপ সংখ্যাৰ সৈতে গাৱঁৰ নামো জমা দিব লাগিব।
    • প্ৰাথমিক খৰচ পূৰণৰ বাবে ১,২০,০০০/- টকা জমা কৰিব লাগিব।
    • আবেদন মাচুল হিচাপে ২,০০,০০০/- টকা জমা দিব লাগিব।
    • জামানতৰ পৰিমাণ হিচাপে ৮,০০,০০০/- টকা জমা দিব লাগিব।
    • পাৰিপাৰ্শ্চিক অনুমোদন।
    • যদিহে ইয়াৰ লীজ অথবা লীজৰ এলেকা বনাঞ্চলৰ অন্তৰ্গত হয়, তেনেহলে ভাৰত চৰকাৰৰ পৰিবেশ, বণ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৰা অনুমোদন লাভ কৰিব লাগিব।
    • আই.বি.এম.ৰ দ্বাৰা খনন কাৰ্য্যৰ পৰিকল্পনা মঞ্জুৰ কৰাব লাগিব।
    • নিৰ্দ্ধাৰিত আৱেদন প্ৰ-পত্ৰৰ তিনিটা প্ৰতিলিপি তলত উল্লেখ কৰা ধৰণে চিহ্নিত কৰিব লাগিব-
      (১) এম.ও.পি.এন.জি. সচিব, ভাৰত চৰকাৰ,
      (২) সঞ্চালক, পেট্ৰলিয়াম সঞ্চালকালয় (ডি.ও.পি.), ভাৰত চৰকাৰ,
      (৩) জিলা সংগ্ৰাহক সকল, সংশ্লিষ্ট জিলা সমূহ।