মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

পেট্ৰলিয়াম অন্বেষণৰ বাবে অনুজ্ঞাপত্ৰ

  • নতুন অন্বেষণ অনুজ্ঞাপত্ৰ নীতিৰ (এন.ই.এল.পি.)অধীনষ্ঠ পি.এছ.চি.ৰ সুবিধাঅনুসৰিঅন্বেষণৰ বাবে আভ্যন্তৰীণ/তৰাং অঞ্চলৰ ক্ষেত্ৰত ৭বছৰৰ বাবে, গভীৰ আৰু সীমান্ত এলেকাক্ষেত্ৰত ৮বছৰৰ বাবে পেট্ৰলিয়াম অন্বেষণ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়।সমূদ্ৰতীৰত অন্বেষণ আৰু উত্পাদন পৰিচালনাৰ বাবে পেট্ৰলিয়াম অন্বেষণ অনুজ্ঞাপত্ৰৰ মঞ্জুৰী কেৱল কেন্দ্ৰীয় চৰকাৰেহে প্ৰদান কৰে। ভূমি খণ্ডৰ ক্ষেত্ৰত, আবণ্টিত ভূমিখণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চুপাৰিছ অনুসৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে পি.ই.এল. মঞ্জুৰী প্ৰদান কৰে।

     

    পেট্ৰলিয়াম অন্বেষণ অনু্জ্ঞাপত্ৰৰ মঞ্জুৰী

    অন্বেষণ অনুজ্ঞাপত্ৰৰ বাবে আবেদন

    • নিৰ্দ্ধাৰিত যিকোনো ক্ষেত্ৰতে পেট্ৰলিয়াম অন্বেষণ কৰিবখোজা ব্যক্তিয়েপেট্ৰলিয়াম (অন্বেষণ আৰু শোষন) আইনৰ অধীনতঅন্বেষণ অনুজ্ঞাপত্ৰৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়ক আবেদন কৰিব পাৰে।
    • অন্বেষণ অনুজ্ঞাপত্ৰৰ বাবে প্ৰতিখন আবেদন সঞ্চালকৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব আৰু

                 i. এই আবেদন নিৰ্দ্ধাৰিতধৰণে মন্ত্ৰীক উদ্দেশ্যি লিখি প্ৰস্তুত কৰিব লাগিব।

                 ii. আবেদন পত্ৰৰ সৈতে নিৰ্দ্ধাৰিত মাচুল সংলগ্ন কৰিব লাগিব।

                 iii. ৭০টা খণ্ডৰ ওপৰত হব নালাগিব।

                 iv. ইয়াৰ সৈতে সংলগ্ন কৰিব লগীয়া নথি সমূহ হৈছে-

                           i. আবেদনত উল্লেখ থকা খণ্ড অনুযায়ী কাম আৰু খৰচৰ বাবে আৱেদনকাৰীৰ প্ৰস্তাব;

                           ii. আবেদনকাৰী আৰু তেওঁৰ কৰ্মচাৰী সকলৰ প্ৰযুক্তিগত শিক্ষা;

                           iii. আবেদনকাৰীৰ বাবে উপলব্ধ প্ৰযুক্তিগত পৰামৰ্শৰ বাবে থকা সুবিধা;

                           iv. আবেদনকাৰীৰ আৰ্থিক সম্পদ;

                            v. এনেকুৱা অন্যান্য বিষয় যিবোৰ আবেদনকাৰীয়ে মন্ত্ৰালয়ৰ বিবেচনাধীন হোৱাটো বিচাৰে।

    • অন্বেষণ অনুজ্ঞাপত্ৰৰ আবেদনত উল্লেখিত খণ্ডবোৰ সেইবোৰ খণ্ড হব যি-

    (ক) এক একক এলেকা সামৰি লয়; আৰু

    (খ) প্ৰতিটো খণ্ডৰে আবেদনত উল্লেখ থকা কমেও আন এটা খণ্ডৰ সৈতে একেটাফালকে থাকে।

    • যদিহে মন্ত্ৰীয়ে লিখিত জাননীৰ জৰিয়তে নিৰ্দেশদিয়ে, আবেদনকাৰীয়ে উক্ত জাননীত উল্লেখ থকা সময়সীমাৰ ভিতৰত সঞ্চালক বা মন্ত্ৰীৰ মতামত অনুসৰিআবেদনখন সঠিকভাৱে বিবেচনা কৰাৰ বাবে আবেদনৰ লগত সংগতি ৰাখি সকলো প্ৰয়োজনীয় তথ্য লিখিত ভাৱে যোগান ধৰাটো সঞ্চালকে বিচাৰিব পাৰে, আৰু যদিহে এনে তথ্য সমূহ সময়মতে যোগান ধৰা নহয় তেনেহলে মন্ত্ৰীয়ে এনে আবেদন গ্ৰহণযোগ্য নহয় বুলি ঘোষণা কৰিব।
    • এই আইন আৰু চৰ্তাৱলীৰ অধীনষ্ঠসুবিধাসমূহৰ বিষয় হিচাপে যদিও যোগ্য নহয়, মন্ত্ৰীয়ে যোগ্য বুলি বিবেচনা কৰি আবেদন কৰা সমগ্ৰ অংশ বা কোনো অংশৰ বাবে অন্বেষণ অনুজ্ঞাপত্ৰ মঞ্জুৰ কৰে-

    যেতিয়ালৈ১৫নং অনুচ্ছেদ অনুসৰি,কোনো খণ্ড যি ইতিমধ্যেই অন্বেষণ অনুজ্ঞাপত্ৰ বা উত্পাদন অনুজ্ঞাপত্ৰৰ বিষয়বস্তু হিচাপে বিবেচনা কৰি পূৰ্বতে উক্ত আইনৰ অধীনত এইক্ষেত্ৰত মঞ্জুৰী প্ৰদান কৰা হৈছিল কিন্তু বৰ্তমানঅনুজ্ঞাপত্ৰ মঞ্জুৰ কৰা নহয়।

    অন্বেষণ অনুজ্ঞাপত্ৰৰ জৰিয়তে প্ৰদান কৰা অধিকাৰ

    এই আইনৰ অধীনষ্ঠ বিষয়বস্তু হিচাপে আৰু চৰ্তাৱলী সমূহ অনুসৰি, যাৰ বাবে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়, ইয়াৰ অধিকাৰীয়ে প্ৰয়োজন অনুসাৰে, অনুজ্ঞা লাভ কৰা এলেকাত পেট্ৰলিয়াম অন্বেষণ কৰা বা এনে কাম চলাই যোৱাৰ ক্ষেত্ৰত সুকীয়া অধিকাৰ বহন কৰে।

     

    অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী

    এই আইন অনুসৰি যেতিয়ালৈ পূৰ্বৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নহয় বা সমৰ্পন কৰা নহয় তেতিয়া অনুজ্ঞাপত্ৰ সমূহ কাৰ্য্যক্ষম হৈ থকা ক্ষেত্ৰ সমূহ হৈছে-

    (ক) নবীকৰণ কৰাৰ বাহিৰে আন উপায়েৰে মঞ্জুৰীকৃত অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত, ইয়াৰ মঞ্জুৰীকৰণৰ দিনৰ পৰা পাঁচবছৰলৈ এনে অনুজ্ঞাপত্ৰ কাৰ্য্যক্ষম হৈ থাকিব আৰু

    (খ) নবীকৰণৰ জৰিয়তেঅনুমোদিত অনুজ্ঞাপত্ৰ সমূহৰ ক্ষেত্ৰত ইয়াৰ অনুমোদনৰ দিনৰ পৰা তিনিবছৰলৈ পূৰ্বৰ অনুজ্ঞাপত্ৰৰঅধীনষ্ঠঅন্বেষণ এলেকা বা খণ্ডৰ বাবে কাৰ্য্যক্ষম হৈ থাকিব।