তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন, ১৯৪৮ আৰুপি. এণ্ড এন.জি. নিয়ম, ১৯৫৯অনুসৰিহাইড্ৰকাৰ্বন উত্পাদনৰ বাবে সাধাৰণতে ২০বছৰৰ বাবে পেট্ৰলিয়ামখনন লীজ (পি.এম.এল.) প্ৰদান কৰা হয়।
সমূদ্ৰতীতত অন্বেষণ আৰু উত্পাদন পৰিচালনাৰ বাবে পেট্ৰলিয়াম খনন লীজৰ মঞ্জুৰী কেৱল কেন্দ্ৰীয় চৰকাৰেহে প্ৰদান কৰে।ভূমি খণ্ডৰ ক্ষেত্ৰত, আবণ্টিতভূমিখণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চুপাৰিছ অনুসৰিসংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে পি.ই.এল./পি.এম.এল. মঞ্জুৰী প্ৰদান কৰে।
পেট্ৰলিয়াম খনন লীজৰ মঞ্জুৰী
এক সফল অন্বেষণ কাৰ্য্যৰ পাছত, অন্বেষণকাৰীয়ে খনন কাৰ্য্যৰ লীজৰ বাবে অসম চৰকাৰক এক আবেদন কৰিব লাগিব। অসমৰ ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ ঠিকনাত নিৰ্দ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ জৰিয়তে সকলো প্ৰয়োজনীয় চালান নথি সংলগ্ন কৰি চুণশিল খনন কাৰ্য্যৰ লীজৰ মঞ্জুৰীৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ এক প্ৰতিলিপি অসম চৰাকৰৰ খনি আৰু খনিজ পদাৰ্থ বিভাগৰ সচিবলৈও প্ৰেৰণ কৰিব লাগিব।
পি.এম.এল. আবেদনত নিম্নোল্লেখিত তথ্য/নথি সমূহ অন্তৰ্ভুক্ত হব লাগিবঃ