মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

জিলা খনিজ পদাৰ্থ আধাৰ ন্যাসৰ ৰূপায়ন (ডি.এম.এফ.)

২০১৬ চনৰ ২৬আগষ্ট তাৰিখৰ পি.ই.এম.০৪/২০১৫/১০০ আৰু ১০১ সংখ্যক অধিসূচনা অনুসৰিখনি আৰু খনিজ পদাৰ্থ (উন্নয়ন আৰু নিয়ন্ত্ৰণ)সংশোধিত আইন, ২০১৫৯বি. ধাৰাঅনুসৰিষষ্ঠ অনুসুচীৰ অধীনষ্ঠ অঞ্চল অন্তৰ্ভুক্ত জিলাসমূহৰ বাহিৰে অসমৰ সকলো জিলাতে অসম চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগে মঞ্জুৰীকৃত ডি.এম.এফ. চুক্তি ন্যাস হিচাপে জিলা খনিজ সম্পদ আধাৰ ন্যাসৰ প্ৰতিষ্ঠা কৰিছে।২০১৫বৰ্ষৰ ১৭চেপ্তেম্বৰ তাৰিখৰ খনি অধিনিয়ম মন্ত্ৰালয় জি.এছ.আৰ. ৭১৫(ই) নতুন দিল্লী, ভাৰতীয় অধিসূচনা অনুসৰিলীজৰ অধিকাৰীয়ে ৰয়েল্টি প্ৰদান কৰিব লাগিব।

 

উদ্দেশ্য

ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নিয়মানুসৰী জিলাসমূহত খনন কাৰ্য্য সম্পৰ্কীয় কাৰ্য্য-কলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোক বা অঞ্চলৰ লাভাৰ্থে পদক্ষেপ গ্ৰহণ কৰাটোৱেই হৈছে জিলা খনিজ সম্পদ আধাৰ ন্যাসৰ মূল উদ্দেশ্য।

 

পৰিচালনা

এটা বা তাতোকৈ অধিক ৰাষ্ট্ৰীয়কৃত বাণিজ্যক বেংকতন্যাসৰ নামত ন্যসৰ পুঁজিৰখা হব আৰু এই বেংক একাউণ্ট সমূহ পৰিচালনা কৰিবন্যাসৰ প্ৰবন্ধন কমিটিৰ দ্বাৰা দায়িত্ব প্ৰদান কৰা সদস্য-সচিব আৰু আন সদস্যৰ যুটিয়া স্বাক্ষ্যৰৰ দ্বাৰা। ট্ৰাষ্টেপুঁজিৰ বুক অৱ একাউণ্ট চম্ভালা কাৰ্য্য অব্যাহত ৰাখিব।

 

খৰচ

ন্যাসৰ সৈতে থকা পুঁজি খৰচ কৰা ক্ষেত্ৰ সমূহঃ

  • জিলা সমূহত খনন কাৰ্য্যৰ দ্বাৰা ক্ষতি সাধন হোৱা লোকসকল বা অঞ্চলবোৰতন্যাসৰ স্বত্বধিকাৰীয়ে প্ৰস্তুত কৰি উলিওৱা বাৰ্ষিক কাৰ্য্য পৰিকল্পনা অনুসৰিসামগ্ৰীক উন্নয়ন সাধন কৰা;
  • আৰ্থ-সামাজিক উন্নয়নৰ উদ্দশ্যে স্থানীয় অন্তঃগাঠনিসৃষ্টি কৰা;
  • খনন কাৰ্য্যৰ দ্বাৰা ক্ষতি সাধন হোৱা এলেকা সমূহৰ স্থানীয় ৰাইজৰ বাবে গোষ্ঠীগত সম্পদ আৰু সেৱাপ্ৰদান কৰা, ইয়াক চম্ভালি ৰখা আৰু বিকাশ ঘটোৱা;
  • নিয়োগ আৰু আত্ম নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে ক্ষমতা বৰ্দ্ধন আৰু কৌশল বিকাশ সম্পৰ্কীয়বিভিন্ন অনুষ্ঠানৰ আয়োজন আৰু পৰিচালনা কৰা;

এই ক্ষেত্ৰত ন্যাসে লাভ কৰা পুঁজিৰ ৬শতাংশ বছৰি ন্যাসপ্ৰতিষ্ঠা বা প্ৰশাসনমূলক কাম-কাজৰ বাবে খৰচ কৰিব পাৰিব।

আনহাতে ন্যাসৰ পুঁজি কোনো হিতাধিকাৰীকে লোন বা সাহাৰ্য্যৰ ৰূপত নগদ ধনহিচাপে প্ৰদান কৰিব নোৱাৰিব।