অভিযোগ নিবাৰণ:
সকলো কৰ্মচাৰীৰ দ্বাৰা নম্ৰ আৰু সহায়ক সেৱা প্ৰসাৰিত কৰা হব। যদি আপোনাৰ ওপৰোক্ত মানসমূহৰ বিতৰণৰ ক্ষেত্ৰত কোনোধৰণৰ অভিযোগ আছে, তেন্তে আপুনি নিম্ন উল্লেখিত বিষয়াৰ সৈতে আপোনাৰ অভিযোগ পঞ্জীকৰণ কৰিবলৈ স্বাগত জনোৱা হল।
বিষয়াৰ নাম আৰু পদবী | যোগাযোগৰ বাবে ঠিকনা | ফোন নম্বৰ আৰু ঠিকনা |
---|---|---|
শ্ৰী ডি. এছ. পানেশ্বৰ, অ.অ.সে., সচিব | “এ”, চতুৰ্থ মহলা, অসম সচিবালয়, দিছপুৰ, গুৱাহাটী-৬ | ৯৪৩৫০৮০৮৫৭ gspanesar31@gmail. Com
|
অভিযোগসমূহ অনলাইন যোগে www.pgportal.gov.in ৱেবছাইটত দাখিল কৰিব পাৰে। যদি সন্তোষ্ট নহয় তেন্তে শ্ৰী প্ৰফুল্ল কুমাৰ হাজোৱাৰী, অ.অ.সে., আয়ুক্ত আৰু সচিব, খনি আৰু খনিজ পদাৰ্থ বিভাগ, ফোন নং- ৯৪৩৫০২৭১৯০ ত জমা দিব পাৰে।
সকলো অভিযোগ আমাৰ দ্বাৰা একে দিনাই স্বীকৃত কৰা হয় আৰু গৃহীত পদক্ষেপৰ ওপৰত চূড়ান্ত উত্তৰ ৩০ দিনৰ ভিতৰত অৱগত কৰোৱা হয়।
আমি আমাৰ ব্যৱহাৰকাৰীৰ পৰামৰ্শক স্বাগত জনাও।
নাগৰিক চনদ হৈছে আমাৰ দ্বাৰা প্ৰদান কৰা সেৱাৰ গুণগত মান উন্নত কৰাৰ কাৰণে আমাৰ আৰু ব্যৱহাৰকাৰীৰ এক যুটীয়া প্ৰয়াস আৰু আমি ব্যৱহাৰকাৰীক নিম্নোলিখিত উপায়ৰ জৰিয়তে আমাক সহায় কৰাৰ অনুৰোধ কৰিছোঃ
১. জনসাধাৰণৰ প্ৰত্যাশা জনাৰ কাৰণে
২. সেৱাৰ গুণগতমান উন্নত কৰাৰ কাৰণে পৰামৰ্শ
৩. যিকোনো ৰূপত অভিযোগসমূহ দাখিল কৰিবৰ কাৰণে
৪. সকলো প্ৰয়োজনীয় নথিৰ সৈতে প্ৰস্তাৱ জমা দিয়াৰ কাৰণে প্ৰত্যাশিত।
আমাৰ হেল্প লাইন নম্বৰ হৈছে- ৯৪৩৫১ ০৪৭৮৫(অসম চৰকাৰৰ অৱৰ সচিব, খনি আৰু খনিজ পদাৰ্থ বিভাগ)
আমি চনদৰ অধীনত আগবঢ়োৱা সেৱাসমূহৰ ক্ৰমাগত সংশোধন আৰু উন্নত কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। এই ক্ষেত্ৰত কোনো পৰামৰ্শ থাকিলে শ্ৰী জি. এছ. পানেশ্বৰ, অ.অ.সে., অসম চৰকাৰৰ যুচীয়া সচিব, খনি আৰু খনিজ পদাৰ্থ বিভাগ, ফোন নং-৯৪৩৫০৮০৮৫৭ত দাখিল কৰক।